البحث

عبارات مقترحة:

الواحد

كلمة (الواحد) في اللغة لها معنيان، أحدهما: أول العدد، والثاني:...

القادر

كلمة (القادر) في اللغة اسم فاعل من القدرة، أو من التقدير، واسم...

الحكيم

اسمُ (الحكيم) اسمٌ جليل من أسماء الله الحسنى، وكلمةُ (الحكيم) في...

سورة البقرة - الآية 187 : الترجمة الأسامية

تفسير الآية

﴿أُحِلَّ لَكُمْ لَيْلَةَ الصِّيَامِ الرَّفَثُ إِلَىٰ نِسَائِكُمْ ۚ هُنَّ لِبَاسٌ لَكُمْ وَأَنْتُمْ لِبَاسٌ لَهُنَّ ۗ عَلِمَ اللَّهُ أَنَّكُمْ كُنْتُمْ تَخْتَانُونَ أَنْفُسَكُمْ فَتَابَ عَلَيْكُمْ وَعَفَا عَنْكُمْ ۖ فَالْآنَ بَاشِرُوهُنَّ وَابْتَغُوا مَا كَتَبَ اللَّهُ لَكُمْ ۚ وَكُلُوا وَاشْرَبُوا حَتَّىٰ يَتَبَيَّنَ لَكُمُ الْخَيْطُ الْأَبْيَضُ مِنَ الْخَيْطِ الْأَسْوَدِ مِنَ الْفَجْرِ ۖ ثُمَّ أَتِمُّوا الصِّيَامَ إِلَى اللَّيْلِ ۚ وَلَا تُبَاشِرُوهُنَّ وَأَنْتُمْ عَاكِفُونَ فِي الْمَسَاجِدِ ۗ تِلْكَ حُدُودُ اللَّهِ فَلَا تَقْرَبُوهَا ۗ كَذَٰلِكَ يُبَيِّنُ اللَّهُ آيَاتِهِ لِلنَّاسِ لَعَلَّهُمْ يَتَّقُونَ﴾

التفسير

ছিয়ামৰ ৰাতিত তোমালোকৰ বাবে স্ত্ৰী-সম্ভোগ বৈধ কৰা হৈছে। সিহঁত তোমালোকৰ পোছাকস্বৰূপ আৰু তোমালোকেও সিহঁতৰ পোছাকস্বৰূপ। আল্লাহে জানে যে, তোমালোকে নিজৰে লগত খিয়ানত কৰিছিলা। এতেকে তেওঁ তোমালোকৰ তাওবা কবুল কৰিছে আৰু তোমালোকক মাৰ্জনা কৰিছে। এতেকে তোমালোকে এতিয়া সিহঁতৰ লগত মিলিত হোৱা আৰু আল্লাহে তোমালোকৰ বাবে যি বিধিবদ্ধ কৰিছে সেইটো কামনা কৰা; আৰু তোমালোকে পানাহাৰ কৰা যেতিয়া লৈকে ৰাতিৰ ক'লা ৰেখাৰ পৰা ঊষাৰ বগা ৰেখা স্পষ্টৰূপে তোমালোকৰ ওচৰত প্ৰকাশ নহয়। তাৰ পিছত ৰাতিৰ আগমন পৰ্যন্ত ছিয়াম পালন কৰা; আৰু তোমালোকে মছজিদত এ’তিকাফ অৱস্থাত সিহঁতৰ লগত সংগত নহ’বা। এইবোৰ আল্লাহৰ সীমাৰেখা। সেয়ে এইবোৰৰ নিকটবৰ্তী নহ’বা। এনেকৈ আল্লাহে তেওঁৰ আয়াতসমূহ মানুহৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁত তাক্বৱাৰ অধিকাৰী হ’ব পাৰে।

المصدر

الترجمة الأسامية