الزلزلة

تفسير سورة الزلزلة

الترجمة الأسامية

অসমীয়া

الترجمة الأسامية

ترجمة معاني القرآن الكريم للغة الاسامية ترجمها الشيخ رفيق الإسلام حبيب الرحمن عام الترجمة 1438هـ

﴿بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ إِذَا زُلْزِلَتِ الْأَرْضُ زِلْزَالَهَا﴾

যেতিয়া প্ৰবল কম্পনত পৃথিৱীখন প্ৰকম্পিত হ’ব,

﴿وَأَخْرَجَتِ الْأَرْضُ أَثْقَالَهَا﴾

আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব,

﴿وَقَالَ الْإِنْسَانُ مَا لَهَا﴾

আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল?

﴿يَوْمَئِذٍ تُحَدِّثُ أَخْبَارَهَا﴾

সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব,

﴿بِأَنَّ رَبَّكَ أَوْحَىٰ لَهَا﴾

কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে,

﴿يَوْمَئِذٍ يَصْدُرُ النَّاسُ أَشْتَاتًا لِيُرَوْا أَعْمَالَهُمْ﴾

সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়,

﴿فَمَنْ يَعْمَلْ مِثْقَالَ ذَرَّةٍ خَيْرًا يَرَهُ﴾

এতেকে যিয়ে অনু পৰিমাণ সত্কাম কৰিছে সেয়া সি দেখিবলৈ পাব।

﴿وَمَنْ يَعْمَلْ مِثْقَالَ ذَرَّةٍ شَرًّا يَرَهُ﴾

আৰু যিয়ে অনু পৰিমাণ অসত্কাম কৰিছে সেয়াও সি দেখিবলৈ পাব।

الترجمات والتفاسير لهذه السورة: