التين

تفسير سورة التين

الترجمة الأسامية

অসমীয়া

الترجمة الأسامية

ترجمة معاني القرآن الكريم للغة الاسامية ترجمها الشيخ رفيق الإسلام حبيب الرحمن عام الترجمة 1438هـ

﴿بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ وَالتِّينِ وَالزَّيْتُونِ﴾

শপত তীন আৰু যায়তুনৰ,

﴿وَطُورِ سِينِينَ﴾

শপত চিনাই পৰ্বতৰ,

﴿وَهَٰذَا الْبَلَدِ الْأَمِينِ﴾

শপত এই নিৰাপদ নগৰখনৰ,

﴿لَقَدْ خَلَقْنَا الْإِنْسَانَ فِي أَحْسَنِ تَقْوِيمٍ﴾

নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছো,

﴿ثُمَّ رَدَدْنَاهُ أَسْفَلَ سَافِلِينَ﴾

তাৰ পিছত আমি তাক হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছো,

﴿إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَلَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍ﴾

কেৱল সেইসকল লোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে; তেওঁলোকৰ বাবে আছে অফুৰন্ত শুভ প্ৰতিদান।

﴿فَمَا يُكَذِّبُكَ بَعْدُ بِالدِّينِ﴾

এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে?

﴿أَلَيْسَ اللَّهُ بِأَحْكَمِ الْحَاكِمِينَ﴾

আল্লাহেই বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে বাৰু?

الترجمات والتفاسير لهذه السورة: