المتين
كلمة (المتين) في اللغة صفة مشبهة باسم الفاعل على وزن (فعيل) وهو...
সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?
আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছো সুদৃঢ় সাতখন আকাশ।
আৰু আমি বৰ্ষণ কৰিছো মেঘমালাৰ পৰা প্ৰচুৰ পানী।
সেই দিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।
আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।
আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।
তাত সিহঁতে শীতলতা বা উপযুক্ত পানীও ভোগ কৰিব নোৱাৰিব।
এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰো।
তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।
যিজন আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদনৰ শক্তি সিহঁতৰ কাৰো নাথাকিব।
সেইদিনা ৰূহ আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা নক’ব, আৰু তেওঁ সঠিক কথা ক’ব।
এই দিনটো সত্য, এতেকে যাৰ ইচ্ছা সিয়ে তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।
নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো। যিদিনা মানুহে নিজ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটি হ'লোহেঁতেন।