الطارق

تفسير سورة الطارق

الترجمة الأسامية

অসমীয়া

الترجمة الأسامية

ترجمة معاني القرآن الكريم للغة الاسامية ترجمها الشيخ رفيق الإسلام حبيب الرحمن عام الترجمة 1438هـ

﴿بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ وَالسَّمَاءِ وَالطَّارِقِ﴾

শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে;

﴿وَمَا أَدْرَاكَ مَا الطَّارِقُ﴾

আৰু কিহে তোমাক জনাব যে, ‘ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে’ সেয়া নো কি?

﴿النَّجْمُ الثَّاقِبُ﴾

(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।

﴿إِنْ كُلُّ نَفْسٍ لَمَّا عَلَيْهَا حَافِظٌ﴾

প্ৰত্যেক জীৱৰ ওপৰতেই তত্ত্বাবধায়ক আছে।

﴿فَلْيَنْظُرِ الْإِنْسَانُ مِمَّ خُلِقَ﴾

এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে!

﴿خُلِقَ مِنْ مَاءٍ دَافِقٍ﴾

তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত নিৰ্গত হোৱা পানীৰে,

﴿يَخْرُجُ مِنْ بَيْنِ الصُّلْبِ وَالتَّرَائِبِ﴾

যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।

﴿إِنَّهُ عَلَىٰ رَجْعِهِ لَقَادِرٌ﴾

নিশ্চয় তেওঁ তাক উভতাই আনিবলৈ সক্ষম।

﴿يَوْمَ تُبْلَى السَّرَائِرُ﴾

যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব,

﴿فَمَا لَهُ مِنْ قُوَّةٍ وَلَا نَاصِرٍ﴾

সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।

﴿وَالسَّمَاءِ ذَاتِ الرَّجْعِ﴾

শপত আকাশৰ যিয়ে বৰষুণ ধাৰণ কৰে,

﴿وَالْأَرْضِ ذَاتِ الصَّدْعِ﴾

শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়,

﴿إِنَّهُ لَقَوْلٌ فَصْلٌ﴾

নিশ্চয় এইটো (আল-কোৰআন) মীমাংসাকাৰী বাণী।

﴿وَمَا هُوَ بِالْهَزْلِ﴾

আৰু এইটো নিৰৰ্থক নহয়।

﴿إِنَّهُمْ يَكِيدُونَ كَيْدًا﴾

নিশ্চয় সিহঁত ভীষণ ষড়যন্ত্ৰ কৰে,

﴿وَأَكِيدُ كَيْدًا﴾

আৰু ময়ো ভীষণ কৌশল কৰিছো।

﴿فَمَهِّلِ الْكَافِرِينَ أَمْهِلْهُمْ رُوَيْدًا﴾

এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।

الترجمات والتفاسير لهذه السورة: